Wednesday, 2 May 2012

ফাগুন


ফাগুন...............   
বিষাদৰ ওৰণি দাঙি মাঘৰ দুৱাৰডলি আকৌ এবাৰ ভুমুকিয়াইছে ফাগুনে । আমাৰ প্ৰিয় ফাগুন । আমাৰ আবেগৰ  তীব্ৰ সোঁতটিশূন্য হৈও পূৰ্ণতাৰ আমেজ দিব পৰা প্ৰিয় মাহটিযাৰ বাবেই অপেক্ষাৰত লঠঙা মদাৰ জোপা, ধূলিয়ৰি গাঁওৰ আলিবাটতো ।
        এই যে বতাহ এজাক বলে....মন ৰিঙা ৰিঙা কৰি আকৌ এবাৰ খলকনি তুলিব হৃদয় থকা প্ৰতিজন মানুহৰ মনক । সেইবাবেই চাগৈ পথাৰৰ শুকান নৰাণিখিনিতো লুকা-ভাকু খেলি ভাল লাগে । মৰিশালি হৈ পৰা হিয়াতো সেউজীয়াই নতুনকৈ ঠন ধৰে । যেনেদৰে পানীৰ অভাৱত ফাট মেলা জানটোত কলমৌৱে ছানি ধৰে ।
      ক'ৰ পৰা যে উৰি আহে ফাগুনৰ বতাহজাকৰ সৈতে এটা গোন্ধঠিক গেওলীয়া হোৱা ধানৰ গোন্ধৰ দৰে এটা মতলীয়া গোন্ধসাৱটি ধৰে আমাক অনুভৱৰ বৰ্ণিল ছায়া এটা সমুখত ৰাখি ।
      ফাগুনক প্ৰশংসাৰে ওপচাই পেলাব কিন্তু চুই নাচাব । ফাগুন বৰ উতনুৱা । চিলা উৰুৱা দি মনটো কৰবাৰ পৰা নি কোনোবাখিনি পোৱাব গৈ । ধূলিয়ৰি আকাশৰ সৈতে সনা-পোটোকা কৰি পেলাব । ফাগুনত বৰপুখুৰীলৈ পাৰলৈ নাযাব । গলেও পানীত নুজুবুৰিয়াব ভৰি । জল দেৱতাৰ ৰূপত কোনোবা আহোম স্বৰ্গদেউৱে হৰণ কৰিব পাৰে আপোনাৰ মনটোক । কি কৰিব তেতিয়া....আপোনাক হৰণ কৰিলেতো আপুনি ঘুৰাই পাব নিজকে । কিন্তু মনটো হেৰালে....কি কৰিব....মনটো কৰবাত লীজত থৈ ফাগুনত বতাহো নাখাব । ফাগুনে ক্ষতিপূৰণ বিচাৰিব ।
      ফাগুন ফাগুনেই । মদাৰ ফুলেৰে নিজকে সজাই, এজাৰ ফুলৰ মালা পিন্ধেআৰু গৰখীয়াৰ বাটেৰে ঘনাই অহা-যোৱা কৰে । শুকাই যোৱা জানবোৰৰ গৰ্ভত পাখি মেলা ময়ূৰৰ নাচ নাচে । জাক খোৱা গৰু মাজত বন্য উন্মাদনাৰ সৃষ্টি কৰে ।
       আহ....ফাগুন....তোমাক স্বাগতমমাথো অনুৰোধ এইবাৰো নিছলা কৰি নাযাবা আমাৰ আঁচল ।  
                               

No comments:

Post a Comment