Wednesday, 2 May 2012

তোমাৰ জন্মদিনৰ উপলক্ষে...................


তোমাৰ জন্মদিনৰ উপলক্ষে...................

হোলাঙেৰে চেঁচু খন্দা দিনবোৰত তোমাক সধা নাছিলোঁ...
ধা নাছিলোঁ একাঁঠু বোকাৰে লেটি-পেটি হৈ থকা দিনবোৰতো..
কি য়ে বা প্ৰয়োজন আছিল তোমাৰ জন্মদিনটো
তুঁহ গুৰি আৰু গোবৰেৰে সজা লাও মৰা দিনত ।
এতিয়া মনত ৰাখোঁ সেই দিনটো ।
নিৰ্দিষ্ট দিনটোৰ আৰম্ভণিতেই তোমাৰ মবাইলৰ ইনবক্সত 
সোমাই পৰে মোৰ এচ এম এচটো
মৰম, শুভকামনাৰ সাক্ষৰ হিচাপে ।
এৰা মই যে তোমাক ভালপাওঁ বহুত বেছি
তুমিতো এতিয়া লেছেৰি বুটলি ফুৰা মোৰ বন্ধু জন হৈ থকা নাই
মোৰো জোতা পিন্ধা ভৰিৰ গোৰোহা ৰঙা পৰি থাকে
বহুদিন মাটিৰ স্পৰ্শ নোপোৱাৰ বাবে ।
লেটেকু এটা দিতো এতিয়া তোমাক বুজাব নোৱাৰোঁ
তুমি যে মোৰ আপোন ।
এইবাবেই..কেৱল এইবাবেই মনত ৰাখোঁ তোমাৰ জন্মদিনটো ।   


No comments:

Post a Comment