Wednesday, 2 May 2012

তোমাৰ বিয়াৰ দিনা...


তোমাৰ বিয়াৰ দিনা...

অহা মাহত তোমাৰ বিয়া...
মোৰ চকুত চকু থৈ তুমি ঘোষণা কৰিছিলা
আমাৰ আবেগৰ মৃত্যুদণ্ডৰ জাননী খন
হয়তো কাৰোবাক নিজৰ হিচাপে পোৱাৰ উৎকণ্ঠাৰে
অথবা মোক চিৰদিনৰ বাবে হেৰুৱাৰ দুখেৰে ।
তোমাক ভালপোৱাৰ আগমুহুত চাবলৈয়ে নহ
তুমি হিন্দু নে মুছলমান
নে মুখত চিগাৰেট লৈ তিনিআলিত আড্ডা পিটি সময় নষ্ট কৰা
বেকাৰ যুৱক আছিলা ।
জীৱনৰ জটিলতাত ভালপোৱাৰ গ্ৰাফ ডাল
সদায়ে নিম্নগামী হয় যে ।
কেৱল সমাজক দোহাই দিয়ে বুকুত থাপি লৱ পাৰি
মৰিশালি নিস্তব্ধতা ।
অহা মাহত তোমাৰ বিয়া...
যদিও বা মই সাজু হৈ আছিলোঁ এই দিনটোৰ বাবে
নিয়ম ভংগ কৰি তোমাৰ হৈ যোৱাৰ
সাহস গোটাব নোৱাৰা অপৰাধে
তথাপি তোমাৰ বিয়াৰ দিনা
নকন্দা কৈ থাকিব নোৱাৰিম যে মই ।

No comments:

Post a Comment