Wednesday, 2 May 2012

উদাহৰণ


ভালপোৱাৰ যদি এটা উদাহৰণ দিব লগা হলহেঁতেন
আকাশৰ কাষত....
জীৱনৰ কাষত....  
মই নিবিচাৰাকৈয়ে তুমিয়ে দেখা দিলাহেঁতেন
এবুকু আবেগ লৈ
মই কামনা নকৰিলেও তুমি মোৰ আপোন হৈ পৰা
তোমাক পাহৰিব খুজা প্ৰতিতো চেষ্টাকে
 ব্যৰ্থ কৰি পেলোৱা
সহস্ৰ জনৰ বুকুত থাকিও মই শূন্য হৈ ৰওঁ
কেৱল তুমি মোৰ আপোন হোৱাৰ বাবে
তোমাক ঘৃণাৰ মাজত ৰাখোঁ
দলিয়াই দিওঁ বিস্মৃতিৰ অটল গহ্বৰত
তথাপি মোৰ নিৰ্জনতাত প্ৰাণ পাই হাঁহি উঠা তুমি
সেই হাঁহি যি পলকতে ধ্বংস  কৰিব পাৰে
মোৰ সমস্ত যাতনা ।
চাবা কেৱল তোমাৰ বাবেই
তোমাক চুব খুজিও চুব নোৱাৰা বাবেই
কোনোবাদিন সলনি হব আপোনত্বৰ সংজ্ঞা                  
 

No comments:

Post a Comment