Wednesday, 2 May 2012

বন্ধুলৈ


  এটা যুগৰ পাছত হয়তো তোলৈ বুলি চিঠি লিখিছোঁমোৰ চিনাকি তোৰ ঠিকনাবোৰ তই সলনি কৰি পেলাইছিলি । আৰু মইও হয়তো উদাসীন হৈ পৰিলোঁ পুনৰাই তোৰ কাষ চপাৰ ক্ষেত্ৰত । কেৱল অভিমানৰ বাবেই নে......নে কৰবাত জমা হৈ পৰিছিল ক্ষোভ । নাজানোঁ....তই যে নাই এই কথাতো মোৰ বাবে এতিয়া সহজ হৈ পৰিছে । অথচ এটা সময় যে কিমান যে কষ্ট হৈছিল তই বিহীন মোৰ প্ৰতিতো দিন । তথাপি তোক বিচাৰি নগলো । তইয়েতো মোক শিকাইছিলি যি স্ব ইচ্ছাই আমাক এৰি যাব খুজে তেওঁ ধৰি নাৰাখিবি । নাৰাখিলোঁ তোক.....তই তোৰ সোঁতত উটি গলি আৰু মই তই শিকোৱা সেই পথৰে আজিও গৈ আছো ।
              আজি কালি জা'ন মই কাৰোবাক আঘাত কৰিলে শিৰ নত কৰি ক্ষমা খুজিব পাৰোঁচিনাকি অচিনাকি যিয়ে নহওঁক কোনোবা দুখত থাকিলে কাষত ৰৈ দিওঁ । কিবা ভুল কৰিলে ক্ষমা নুখুজা লৈকে শান্তি নাপাওঁঅৱশ্যে খঙতো সিমান কমাব পৰা নাই । তথাপি বহুত কমিল । মোৰ আইডল পাৰচন হয় তই । তোৰ খোজেৰেই মই মানুহ খুজিছিলোঁ...ক'ত হেৰাই গলি তই....
             মোৰ প্ৰতিতো পলতে আপোনবোৰে মোক আগুৰি থাকে । সুখৰ উদ্ধত মই । তথাপি কোনোবাখিনিত খালি খালি লাগে....তই যে নাই । জানো বিচাৰিলে আজিও তোক হয়তো কৰবাত দেখা পাম । ওহো .....মই তোক তোৰ বৰ্তমানৰ পৰিচয়ৰ সৈতে চাব নুখুজোঁমোক লাগে মোৰ সেই আইডল পাৰচন গৰাকী যাৰ ব্যক্তিত্বই ক্ষণিকতে সকলোকে মোহিব পাৰিছিল । মই আশাবাদী .....জানো এদিন হ'লেও তই ঘুৰি আহিবি তোৰ পুৰণি ঠাইলৈ । মই বাট চাই আছো সেই দিনটো লৈ....................

মাধুৰীমা


No comments:

Post a Comment