Wednesday, 2 May 2012

কিছুমান যন্ত্ৰনা নিয়ম হৈ পৰে


কিছুমান যন্ত্ৰনা নিয়ম হৈ পৰে । কত ৰাতি পাৰ কৰিলোঁ টোপনি বিহীন ভাবে । কত সময় গুছি গল উকা হাতেৰে......তোমাক নিজাকৈ পোৱাৰ অলিক কল্পনাৰেযন্ত্ৰনাবোৰ নিয়ম হৈ পৰিল । অভ্যস্ত হৈ পৰিলোঁ নোপোৱাৰ ভঁৰালটোৰ কাষত । সুধিব পৰা হলো আনক মৃত্যু কিয় সহজ বুলি । কালি লৈকে.....তুমি মোক স্পৰ্শ  নকৰা লৈকে । এইয়াই সেই স্পৰ্শ ...যাক বিচাৰি অভিমানত জঠৰ হৈ পৰিছিল মোৰ জীৱনটো । 

No comments:

Post a Comment