Wednesday, 2 May 2012

লৰালি


লৰালি

নিজানত কাৰ মাত নো সেয়া
জিলীৰ লগে লগে যে টানিছে অজান সুৰ
শুকান পাতবোৰ খৰমৰাই কোন জানো পাৰ হৈ গ'ল
ফেঁটি সাপৰ দৰে কঁকাল নচুৱাই ।
কাৰ খোপাৰ পৰা বাৰু ভাহি আহিছে
এৰাবাৰীত জকমকাই থকা কপৌ ফুল পাহৰ গোন্ধ
কোন হ'ব পাৰে সেয়া যি মোৰ পাছে পাছে ফুৰে
অথচ মই কাষ চাপিলে উভতি ল'ৰ মাৰে
মোৰ লৰালি নহয় তো .....

  

No comments:

Post a Comment