Wednesday, 2 May 2012

কিমান দিন হ'ল জানো তোমাক পাহৰি যোৱা ।


কিমান দিন হ'ল জানো তোমাক পাহৰি যোৱা । হয়তো চাৰিটা বছৰ, হয়তো এটা যুগ । পাহৰো বুলি পাহৰি আছো তুমি গঢ় দিয়া মোৰ প্ৰতিতো সপোনক । মন ভাললগা তোমাৰ প্ৰিয় বতাহ জাকক । কেনেকৈ যে জীৱনটো জোৰা তাপলি মাৰিছোঁ তুমি বিহীন ভাবে...ভাবিলে আচৰিত লাগে ! তোমাৰ অকণমান অনুপস্থিতিত স্থবিৰ হৈ যাব খুজা মোৰ উশাহে আজি কালি অহা যোৱা কৰে কোনো দাবী নকৰা কৈয়ে । আঁতৰি আহিব লাগিব বুলি জনা হলে কাহানিও কাষ নাচাপিলোঁহেঁতেন তোমাৰ । খোজ নিদিলোঁহেঁতেন তোমাৰ ভালপোৱাৰ গভীৰতাত । তেতিয়া অন্তত ভাৰ বব লগা নহলহেতেন সেই শূন্যতা যি শূন্যতাই মোক কাহানিও সুখী হবলৈ নিদিয়ে ।

No comments:

Post a Comment