Wednesday, 2 May 2012

ডায়েৰিত বন্দী হৈ থকা এটা অনুভূতি...............



ঘৰৰ পৰা ভাইটিটো আহিছিল । মোৰ চিঞৰ বাখৰত সৈমান হৈ ঘৰত এৰি থৈ অহা মোৰ ট্ৰাংকটো খুলি মোৰ পুৰণা ডায়েৰি কেইখনমান লৈ আনিছিল । ডায়েৰি কেইখন লুটিয়াই বগৰাই চাইছিলো । প্ৰতিখন  পৃষ্ঠাতে মোৰ অনুভৱে ভিন্ন ৰূপ ধাৰণ কৰিছিল ২০০৬ চনৰ ডায়েৰিখনৰ দুটা পৃষ্ঠাত মই ৰৈ গৈছিলোঁ । এক অপৰাধবোধে মোক আৱৰি ধৰিছিল । সেইদিনা মই এগৰাকী মহিলাৰ বিষয়ে এনেদৰে লিখিছিলোঁ…….
ডিব্ৰুগড়ত লগ পাইছিলোঁ এই মানুহগৰাকীক । মই যিদৰে প্ৰথমে তেখেতক লগ পাইছিলোঁ সেইদৰে দেখিলে সকলোৱে তেওঁক খুব সুখী মানুহ বুলি কলেহেঁতন । মানুহগৰাকীৰ প্ৰতিটো হাঁহিতে তেওঁৰ শকত গাটো লৰি উঠিছিল । দুদিন মানৰ পাছত সেইএকে গৰাকী মানুহকে মই পাইছিলোঁ অন্য এটা ৰূপত । তেওঁৰ ভাষাৰেই মই কথা খিনি লিখিব খুজো…….
“……
জানা তেখেত ঢুকুৱা আজি ৬ বছৰ হল । আমাৰ বিয়াও হৈছিল খুব আচৰিত ধৰণে । মোৰ বাইদেউক তেওঁ ভাল পাইছিল । কিন্তু মা-দেউতাই বাইদেউক অইন এজনৰ সৈতে বিয়া দিলে । আনহাতে মোৰ বিয়াৰ বাবেও কোনো প্ৰস্তাৱ অহা নাছিল । তেনেতে এদিন দেউতাৰ গা বেয়া হল । সংকটজনক অৱস্থাত দেউতাক নাৰ্চিংহোমত ভৰ্তি কৰোৱা হল । দেউতাক যেতিয়া তেজৰ প্ৰয়োজন হল তেখেতে তেজ দিলে । দেউতাই সেই তেজৰ বিনিময়ত মোক তেওঁৰ হাতত গতাই দিলে । বৰ নীৰৱেই তেওঁ মোক আকোৱালি ললে । তেওঁ মোক বহুত মৰম কৰিছিল । মোৰ যে সন্তান জন্ম দিবপৰা ক্ষমতা নাই এই ভাৱটো মনলৈ আহিবলৈকে দিয়া নাছিল । মোৰ বাবে তেওঁৱেই আছিল মোৰ সন্তান, মোৰ স্বামী, মোৰ প্ৰেমিকসকলোবোৰ । আৰু তেওঁৰ বাবেও মই তেওঁৰ সকলোবোৰ আছিলোঁ । মনে মনে দুয়ো এটা সন্তান তুলি লোৱাৰ সপোন দেখিছিলোঁ যদিও বাস্তৱত সেয়া হৈ নুঠিল । আমি এনেধৰণে আছিলো যেন আমাৰ মাজত দ্বিতীয় এজন সোমোৱাটো আমি নিজেই নিবিচাৰোঁ । এদিন হঠাতে তেখেত আঁতৰি গল । প্ৰেচাৰ ষ্টকহৈ ঢুকুৱা মৃত মানুহজনৰ মুখখন মই ভালদৰে লক্ষ্য কৰিছিলোঁ- যন্ত্ৰণাৰে ভৰাএখন মুখ । সেই যন্ত্ৰণা কিন্তু মৃত্যুৰ বাবে নাছিল । কাৰণ মৃত্যুলৈ মানুহজনে কোনো দিনে ভয় কৰা নাছিল । এই পৃথিৱীত মোক অকলশৰে এৰি থৈ যাবলৈকে যে তেওঁৰ এই যন্ত্ৰণা হৈছিল সেই ভাব প্ৰকাশেই মোৰ শোকবোৰ বহুখিনি পাতল কৰি তুলিছিল । মোৰ হাঁহিবোৰ হেৰাই গৈছিল । বাৰে বাৰে আত্মহত্যাৰ কথা ভাবিছিলোঁ ।ইতিমধ্যে তেওঁৰ চাকৰিৰ বাবদ পাব লগা টকা পইচাবোৰক লৈ পৰিয়ালবৰ্গই কাজিয়া আৰম্ভ কৰি দিলে । মোৰ মৌনতাৰ সুযোগ লৈ সিহঁতে সকলো হস্তগত কৰিলে । আচৰিত এই মানুহ জাতিতো । হাতত থকা অন্তিম টকা কেইটাৰে যেতিয়া মই এখন দোকান খুলিলোঁ সেয়াও সিহঁতৰ ঈৰ্ষাৰ কাৰণ হৈ পৰিল জীয়াই থাকিবৰ বাবে যিমানেই সংগ্ৰামকৰিব লগা হল সিমানেই জীয়াই থকাৰ মোহটো বাঢ়ি আহিল । হয়তো ঠিক মোহ বুলিও কৱ নোৱাৰি । এখোজ এখোজ কৈ আগুৱাই আহি আজি ৬ বছৰৰ মুৰত মোৰ দোকান খন অলপ উন্নতি হল । কাষতে থকা দোকানখন দেখিছা নহয় ( মোক তেওঁৰ দোকানখনৰ গাতে লাগি থকা দোকানখনলৈ আঙুলিয়াই কলে ) সেইখন মোৰ বৰজনাই জনে দিছে । সৰহভাগ গ্ৰাহক তালৈকে যায় ।
-
অকলশৰীয়া সময় খিনি আপুনি কেনেদৰে কটাইছিল ….
(
মিচিকিয়াইহাঁহি তেওঁ পুনৰ কলে )-তেওঁ আঁতৰি যোৱাৰ পাছত মই কবিতা আৰু কিতাপৰ মাজত ডুবগলো । কবিতা লিখিবলৈ আৰম্ভ কৰিলোঁ । আচলতে তেওঁ আঁতৰি যোৱাৰ পাছতহে অনুভৱ কৰিছিলোঁ মোৰ হিয়াখনৰ কিমানখিনি ঠাই তেওঁ আগুৰি আছে । বিভিন্ন জনে বিভিন্ন অজুহাতলৈ মোৰ কাষ চাপিবলৈ চেষ্টা কৰিছিল । কিছুমানেতো মুখামুখিকে কৈছিল শৰীৰৰ আবেদন কিমান দিন দমাই ৰাখিবা….মই কিন্তু কাকো মোৰ শৰীৰটো এৰি দিব নোৱাৰিলোঁ । যেতিয়া হিয়াৰ প্ৰয়োজনীয়তাখিনিয়ে অপূৰ্ণ হৈ ৰল, শৰীৰৰ অপূৰ্ণ হৈ থকাতো কোনো ডাঙৰ কথা নহয় । এটা সময়ত মানুহবোৰ আহিবলৈ এৰি দিলে
ইতিমধ্যে এন্ধাৰ হৈ আহিছিল । ময়ো বহাৰ পৰা উঠিছিলোঁ । তেৱোঁ মোৰ লগতে ৰাস্তালৈ ওলাই আহিল । হঠাতে মোৰ হাতখন খামোচি ধৰি তেওঁ কলে- তোমাৰ আৰু মোৰ বয়সৰ মাজত আকাশ-পাতাল পাৰ্থক্য আছে । তথাপি তোমাক মোৰ কথাবোৰ কলো । কিবাএটা ভাল লাগিল । এদিন আহিবাচোন দুয়োজনী ব্ৰহ্মপুত্ৰৰ পাৰলৈকে যাম । তেখেত ঢুকুৱাৰ পাছত এদিনো যোৱা নাই । আহিবানে ???
মানুহ গৰাকীক সিদিনা কথা দি আহিলো । কিন্তু সেই কথা মই ৰাখিব নোৱাৰিলোঁ । জীৱনৰ প্ৰয়োজনত আন্তৰিকতাই হাৰ মানিলে । প্ৰায়ে তেওঁলৈ মনত পৰে । বাৰে বাৰে কাণত ভাহি উঠে তেওঁৰ কথাবোৰ-কেতিয়াবা জানা এনেকুৱা এজাক বতাহ বলে , যিজাকে স্পৰ্শ কৰিলে মোৰ ভাব হয়, বতাহজাকৰ ৰূপ লৈ অজান দেশৰ পৰা মোৰ স্বামীয়েহে যেন মোক চুই চাইছে । দেহটো শিহৰণত কঁপি উঠে । পলকতে মনটো ভৰি উঠে । সদায়ে বাট চাই ৰওঁ তেনে এজাকবতাহলৈ………………..”

No comments:

Post a Comment