Wednesday, 2 May 2012

মোক যদি তুমি কন্দুৱাব পাৰা


মোক যদি তুমি কন্দুৱাব পাৰা
তাতেই বুজি পাবা তোমাক যে মই ভাল পাওঁ সেয়া প্ৰকৃততে সঁচা
তোমাক ভাল নাপালে জানো তোমাৰ কথাই চুব পাৰে মোক
মই কান্দিলে যদি তুমিও কান্দা
ক্ষমা কৰিবা, তেনে প্ৰত্যুত্তৰ মোৰ কাম্য নহয়
তেনে সময়ত যদি তুমি একো নোকোৱা
সজল নহয় তোমাৰ দুচকু
অথচ কঁপি উঠে তোমাৰ ওঁঠ ঠিক গিটাৰৰ তাৰৰ দৰে
বুজিম তোমাৰ বুকু জুৰি ময়ে আছো ।
নালাগে মোৰ দুখত সম-ভাগি হৈ নিজকে যন্ত্ৰনাৰে বুৰাই পেলাব ।
মোৰ বাবে তুমি আকাশ হোৱা
জোনাকীৰে তিৰ-বিৰাই থকা এন্ধাৰ নিশাটো হবা
মন গলেই যাতে লুকুৱাই ৰাখিব পাৰোঁ
মোৰ দুখ কিম্বা আঘাতৰ পৰিক্ৰমাবোৰ ।

No comments:

Post a Comment