Wednesday, 2 May 2012

ৰামধেনু


১)
যন্ত্ৰনাবোৰ শ্ৰেণী-বিভাগ কৰি ওজন কৰিব খুজিছোঁ
কোনবোৰ যন্ত্ৰনাক নো সঁচায়ে যন্ত্ৰনা বুলি ক'ব পাৰি
তাৰে এখন তালিকা বনাব খুজিছোঁ
ভিক্ষাৰীৰ দৰে নিজে বিজ্ঞাপন দিও যে
প্ৰেমিকা হ'ব পৰা নাছিলোঁ বিচৰা জনৰ
সেয়াও তো এসময়ত যন্ত্ৰনাৰ নাম পাইছিল ।
বুকুত পাহৰিব নোৱাৰা জিলমিল জোনাক এগাল সিঁচি
গুছি যোৱা বন্ধুবোৰ.....
বন বন গোন্ধেৰে পূৰ্ণ হৈ থকা
মোৰ এৰি অহা লৰালিটো.....
আস ! সকলোবোৰতো শৰীৰ কুঁজা কৰি দিব পৰা
এটা এটা দুখৰ বোজাই আছিল....
তথাপি.....
বুকু উজাৰি তোমাক ভালপাইও যে
দুহাত মেলি আকোৱালি ল'ব পৰা নাছিলোঁ তোমাৰ প্ৰেম
কেৱল আন এজনক যুগান্তৰ লৈকে সেই ঠাই এৰি দিয়াৰ বাবে ।
সঁচা অৰ্থত মোৰ বাবে সেইয়াই যন্ত্ৰনা  আছিল
অভিনয় কৰিব লগা হৈছিল যে তোমাৰ আগত
তুমি মোক ভালপোৱাৰ দৰে তোমাক ভাল নোপোৱাৰ !!
২)
লাহে লাহে তুমি মোৰ বাবে এটা অভ্যাস হৈ পৰিছা
মই যতে নাথাকোঁ কিয়
তুমি বটবৃক্ষৰ দৰে মোক ছাঁ দিছা ।
মোৰ দুখবোৰে কোনোবা লুংলুঙীয়া বাটেৰে গৈ
উভতি আহিবলৈ মন নকৰা হল ।
এসাগৰ সুখেৰে ভৰা দিনেৰে যে
তুমি মোক ডুবাই ৰাখিছা ।
লাহে লাহে মোৰ উশাহৰ প্ৰয়োজনীয়তা
সলনি হৈ পৰিছে...
অম্লজানৰ সলনি যে আজিকালি
তুমি অহা যোৱা কৰিব ধৰিছা.... 

৩)
শিৰত দগমগীয়া সেন্দুৰ
মোৰ স্বামীৰ উপস্থিতিৰ সাক্ষৰ সেয়া ।
মা, মই এতিয়া আৰু তোমাৰ মাইনাজনী হৈ থকা নাই
তোমাৰ আঙুলিত ধৰি খোজ দিব নোৱাৰোঁ
জীৱনৰ বাকী ছোৱা পথ ।
দুখ পালেই উচুপি উঠিব নোৱাৰোঁ
তোমাৰ আঁচলৰ আৰত ।
ঠিকনা সলনি কৰিলে মোৰ নিৰাপদ আশ্ৰয় টুকুৰাই ।
যি অধিকাৰে তোমাৰ গৰ্ভত ঠাই দিছিলা
কোনোবাখিনিত থৰক-বৰক হল চাগৈ
এই ৰঙা ৰং কণৰ জোৰত ।
নিয়মক মই মানিব নোখোজে মা
তোমাক আঁতৰাই যে মই সুখী হব নোৱাৰোঁ কোনোকালে ।

৪)
ঠিক আজিৰ পৰাই তোমাৰ দুখৰ প্ৰতিটো কাৰণ
আমি হৈ পৰক.....
ঠিক আজিৰ পৰাই তুমি তুমিৰ পৰা
আমি হৈ পৰা...
আমি হৈ পৰক তোমাক আৰু মোক আবৰি ৰখা
প্ৰতিতো পল....
মই তীব্ৰভাৱে কামনা কৰিছোঁ আজি
তোমাৰ উপস্থিতি ।
শৰীৰৰ অস্তিত্বক মই অস্বীকাৰ কৰা নাই
এতিয়াও কৰা নাই ।
তথাপি আজি মোৰ মনটোৰ প্ৰাধান্য বেছি ।
কেৱল আজিৰ বাবে তুমি মোৰ বাবে
এটা নিদ্ৰা বিহীন ৰাতি পাৰ কৰিব নোৱাৰানে
মাত্ৰ আজিৰ বাবে জোনাকক সাবটি
কেৱল মোৰ বাবে উশাহ লৱ নোৱাৰানে
তুমি পাৰিবানে সুবিশাল সাগৰৰ দৰে
এক সীমাহীন তৃপ্তিৰে মোৰ মনটো ওপচায় পেলাব 
কামনাৰ অতনু বাধা নেওচি
কেৱল হৃদয়েৰে মোক চুই চাব
তুমি পাৰিবানে....
মই
শাওণৰ বৰষুণৰ দৰে  আবেগেৰে সাবটি ধৰিম তোমাক
কঁপি থকা ওঠৰ মাজত আবদ্ধ হৈ থকা শব্দবোৰ
তোমাৰ ওঁঠেৰে প্ৰকাশ কৰিম ।

৫)
নতুনকৈ যোগ-বিয়োগ কৰি চাব পাৰা
মই তোমাক বেছি ভাল পাওঁ নে
তুমি মোক
অনুপাতত উলিয়াব পাৰা
মোৰ আৰু তোমাৰ ভাৱৰ গভীৰতা ।
জানো তুমিয়ে জিকিবা ।
মোৰ আবেগক দুগুণ কৰিলে
তোমাৰ সৈতে বহুৱাব পাৰিম সমান চিন ।
তুমি যে মোক ভাল পোৱা মোতকৈ বেছি
সেইবাবেই মই তোমাক ভাল পাওঁ
সকলোতকৈ বেছিকৈয়ে....

 



 

No comments:

Post a Comment