Wednesday, 2 May 2012

নকওঁ দিয়া সেই কথা...


নকওঁ দিয়া সেই কথা...
তুমি মোৰ চকুত চকু থলে যে
পাৰ ভাঙি যাব খুজে মোৰ আবেগৰ জোৱাৰ
ভালপোৱাবোৰ উক্-মুকাই থাকক মনৰ ভিতৰতে
তোমাৰ নামত অনুভব এটা সজাল ধৰক
গোপনে গোপনে......
নালাগে জানিব তোমাক কিমান কাষত ৰাখি
মই খোজ দিওঁ জীৱনৰ বাটত
তোমাক ভাল পাবলৈ মোক প্ৰয়োজন নাই
তোমাৰ অহৰহ উপস্থিতি
মাথো জানিলেই হ'ল তুমি যে মোক ভালপোৱা সেইয়া
মোৰ ভালপোৱাৰ দৰেই সচাঁ............ 

No comments:

Post a Comment