Wednesday, 2 May 2012

ভালপোৱা


ভালপোৱা, প্ৰিয়জনৰ উষ্ণ নিশ্বাসৰ পৰা
মোৰ হৃদয়ৰ অভ্যন্তৰলৈকে এটা সেন্দুৰীয়া বাট
তোমাৰ অভিমানত গাভৰু হোৱা
ফাগুনৰ অলিয়া-বলিয়া বতাহজাক
নৈ পৰীয়া ঠিকনাত ভালপোৱাৰ চিঠি পঠিয়াব নোৱাৰি
কোনে জানে মন ভাল নহলে ভটিয়নি সোঁতত
উটাই দিব পাৰা মোৰ আকুলতাবোৰ ।      

No comments:

Post a Comment