Monday, 21 May 2012

কুকুৰ বিষয়ে এখন ৰচনা ......











মই শিৱসাগৰৰ বকতা নামৰ ঠাইখনৰ এখন সৰু গাঁওৰ ছোৱালী । আমাৰ গাঁও খনত মাহিলি ৪০০০০ হাজাৰ মান টকাৰ ওপৰত আয় কৰা চাকৰিয়াল নায়েইপিছে গাঁত এটা কথা অলপ হলেও খাটে-ধান থাকিলে মান থাকে, বাঁহ থাকিলে সাহ থাকে । প্ৰায় প্ৰতিঘৰ মানুহৰেই এটা ডাঙৰ ভঁৰাল আৰু এখন হলেও ডাঙৰ বাৰী আছে গতিকে একেবাৰে দুখত থকা গাঁও নহয় । গাঁওখনত মুঠতে ৪০ ঘৰ মান মানুহ আছে । সেই মানুহখিনিকেই আমিবোৰে তিনিটা ভাগত ভাগ কৰিছিলোঁ –এটা হল গাহৰি চুক ( ইয়াত প্ৰতি ঘৰতে দুই তিনিটা গাহৰি থাকেই ) । এটা লাও পানী চুক ( ইয়াত বছৰৰ ৩৬৫ দিনেই লাও পানী পোৱা যায় ) । আৰু এটা হল কুকুৰ চুক । এইটো চকুত পাঁচ ঘৰৰ মানুহ আছে আৰু গোটেই কেইঘৰত লগ লগালে অতি কমেও ১৫ টা মান কুকুৰ থাকেইআমাৰ ঘৰতো কুকুৰ চুকত আজি ৪ বছৰৰ আগত বৰতা , দদাইদেউ আৰু আমাৰ ঘৰত যুটীয়া কৈ চাৰিজনী মাইকী কুকুৰ আৰু এটা মতা কুকুৰ আছিল । সময়ত চাৰিও জনীয়ে গাইপতি চাৰিটা কৈ পোৱালী দিলে । তাৰে দুটামান আনে নিলে । দুটা মান থাকি গল । মুঠতে ১১ টি হল গৈ । আমাৰ তিনি ও ঘৰতে ভিক্ষাৰীও আহিবলৈ বাদ দিলে । যিহে চোকা কুকুৰ । তাৰে দুটা মানে এদিন এনেই খেদাখেদি কৰাত মোৰ চিৰিয়াখানা খনৰ শহা এটা হাৰ্ট ফেইল হৈ মৰিল । তথাপি সিহঁতক একো নকৰিলোঁপিছে এবাৰ খৰালিত গোটেই জাকটোৱে লগ লাগি গাঁৱৰ ছাগলীবোৰ চিকাৰ কৰিবলৈ ধৰিলে । প্ৰতিদিনেই গোচৰ আহে । আমাৰ ইঘৰে কয় সিঘৰৰ কুকুৰ হে ,সিঘৰে কয় সেই সিহঁতৰ হে....আৰু যদিহে মই নথকা অৱস্থাত কোনোবাই গোচৰ দিয়ে গোটেই কুকুৰ গালৰ মালিক ময়ে হৈ পৰো । মানুহবোৰ বিপাঙত পৰিল । শেষত গাঁওৰ মানুহ লগ লাগি সেই এঘাৰ টি কুকুৰৰ দহ টিয়েই নিধন কৰি পেলালে । বাকী থাকিল ঘাই মাক জেতুকি ।
এদিন সন্ধিয়া সাত মান বজাত দেতা আৰু মই চোতালত বহি আছো । তেনেতে ককাইদেউ এজনে টচ লৈ জুপি জুপি কিবা বিচাৰি ফুৰিছে । মই বাৰে বাৰে সুধিছোঁ তইনো আমাৰ বাৰীত কি বিচাৰিছ ...সি নকয় । শেষত অলপ আতৰত বহি থকা দদাইদেৱে কলে-সি জেতুকিক বিচাৰিছে । কোনোবা মানুহ এটাৰ বোলে মেলেৰীয়া হৈছে....মাইকী কুকুৰৰ মাংস খালে বোলে ভাল হব । তাক সেই মানুহটোৱে লাও পানী খাবলৈ পইচা দিব পায়...সেইবাবে সি বিচাৰি আছে ।
মোৰ লগে লগে মুৰ গৰম হৈ গল । ভালেটিহে সি মোক নকয় । লগে লগে যিমান পাৰি সিমান টেঁটু ফালি চিঞৰি তাক গালি দিলোঁ, দম ও দিলোঁ-আজি যদি জেতুকি হেৰাই মই তোৰ নামত কেচ দি দিম চাবি । মই থাকোঁতে আমাৰ ঘৰৰ সীমাৰ পৰা কুকুৰ নিবলৈ আহিছ...তাকো খাবলৈ । সেইটো কোন মেলেৰীয়া হৈ মৰে মৰক ......
মোৰ খঙ দেখি ককাইদেউ চুপ-চাপ ঘৰত সোমাল গৈ( ককাইদেউ ঘৰতো আমাৰ ঠিক সমুখতে ....আৰু হাঁহি উঠা কথা যে সেই সময়ত কুকুৰ নিবলৈ কোনোবা মানুহ সিহঁতৰ ঘৰত বহিয়ে আছিল !! সেই একেজন ককাইদেৱে এইবাৰ বিহুৰ সময়ত মোৰ কপৌফুল এজোপাৰ পৰা কোনোবাই ফুল বিচৰাত বিৰাট ধমকী দি পঠাইছে বোলে । সেইবোৰ হেনো মোৰ বস্তু ।)
মই দিল্লীলৈ অহাৰ অলপ দিনৰ পাছতেই মায়ে ফোন কৰি জনাইছিল জেতুকিয়ে পোৱালী দিছে । দুটা মতা আৰু তিনিজনী মাইকী !!! তাৰে মাইকি পোৱালী এজনী ভাইটি সোণে তাৰ পাম ঘৰলৈ লৈ গল । নাম থৈছে বাসন্তী ।
মোৰ জীৱনৰ প্ৰথমটো কুকুৰৰ নাম আছিল টম । গাঁৱৰ এঘৰৰ পৰা সেই ভতুৱা কুকুৰটো মোৰ ভাইটিটোৰ সৈতে লগ লাগি চুৰ কৰি আনিছিলোঁতাক মই সদায় চাইকেলৰ কেৰিয়াত তুলি লৈ ঘুৰি ফুৰিছিলোগাঁওৰ প্ৰতিজন মানুহেই তাক মৰম কৰিছিল । টম বলিয়া হৈ ঢুকাইছিল । বলিয়ালি কৰি থকা সময়তো শিকলিৰে বান্ধি থোৱা কুকুৰটোৰ কাষত মই বহি আছিলোঁসি মোক একো কৰা নাছিল । মোৰ হিয়াৰ বহু অংশ জুৰি সি আজিও আছে ।
গুৱাহাটী থকাৰ সময়ত মোৰ জাৰা নামৰ এজনী পমেৰিয়ান ব্ৰিডৰ কুকুৰ আছিল । তাই এটাই বেয়া দোষ আছিল তাইৰ যদি কেনেবাকৈ প্ৰস্ৰাৱ কৰিব লাগে...তাই যতে নাথাকক দৌৰি আহি ভিতৰত প্ৰস্ৰাৱ কৰিব ! মই হাইৰাণ হৈ গৈছিলোঁ সেইবোৰ চাফা কৰি কৰি । পিছে তাই মোক খুব ভাল পাইছিল ।
কুকুৰ অবিহনে মই থাকিবই নোৱাৰোঁগতিকে শিৱসাগৰত ভাইটিটোৰ সৈতে ভাৰাঘৰত থাকিবলৈ লৈয়ে এঘৰৰ পৰা ক্ৰচ কুকুৰ পোৱালী এজনী আনিলোনাম থলো এঞ্জেল । কাজল সনা যেন চকু দুটিৰে এঞ্জেল ইমানেই মৰম লগা আছিল যে সেই গলিটোৰ প্ৰতিটো লৰা ছোৱালীৰ পৰা ডাঙৰলৈকে তাই মৰমৰ হৈ পৰিল । তাতে তাই ছোৱালী বাবে মই কাণ এখন ফুটুৱাই ফুলিও পিন্ধাই দিলোঁ একেবাৰে সোণত সুৱগা চৰিল আৰু । পিছে মাঘ বিহুৰ বাবে মই আগতীয়াকৈ ঘৰলৈ যোৱা সময়ত এঞ্জেলক কোনোবাই চুৰ কৰি লৈ গল । বৰ দুখ লাগিল । সকলোতকৈ জমনি কথাটো হল যে এঞ্জেল হেৰুৱা তিনিমাহ মানৰ পাছত সেই গলিটোৰ প্ৰায় প্ৰতিঘৰ মানুহেই নিজাকৈ কুকুৰ আনি ললে
এতিয়া মই কুকুৰ বিহীন হৈ আছো । গৃহস্থই মোক কথা দিছে বোলে- পাছৰ জন্মদিনত মোক কুকুৰ এজনী উপহাৰ দিব । জন্মদিনটো যদি আৰু অলপ সোনকালে আহিল হেতেন.......

No comments:

Post a Comment