Wednesday, 2 May 2012

বৰষা


বৰষা

মৰমৰ বুলি নিলিখোঁসেই অধিকাৰ তুমি আমাক আজিও দিব খুজা নাই যে । তথাপি তোমাৰ চকুত চকু থৈ কেতিয়াবা সুধিব মন যায়-কি ভাল লাগে তোমাৰ....কাৰ সান্নিধ্যই তোমাৰ মনটো তুলাৰ দৰে আবেগৰ মাজেৰে উৰুৱাই নিব পাৰে .... কোৱাচোন কি লুকুৱাই ৰাখিব খোজা হো হোৱাই ধুমুহাৰ দৰে মৰা তোমাৰ হাঁহিৰ আনটো পাৰে । খুউব মন যায় জানিবলৈ.....কিয় তুমি নিজৰ লগতে নিজৰ সকলো আকাংখা দাহ কৰিব ধৰিছা । ঠিক যেন সতী দাহ প্ৰথা....তুমি কৱ পাৰিবানে সেই প্ৰথাত গিৰিয়েকৰ সৈতে জীৱন্তে চিতাত দাহ যোৱা কিমানজনী নাৰী প্ৰকৃত অৰ্থত সতী হব পাৰিছিল ...কিমান জনী নাৰীয়ে সতী দাহত কৈ বৈধৱ যন্ত্ৰনাই শ্ৰেষ্ঠ বুলি ভাবিছিল...কিয় সামৰিব ধৰিছা সকলোবোৰ .... এইয়াতো আৰম্ভণি । তুমি কিয় শেষ বুলি ভাবি আকাংখা, সপোনবোৰক সমৰ্থন কৰিব নোৱাৰা হৈছা ! জানো তুমি প্ৰতিবাদী হব নুখুজা...হব নুখুজা আনত কৈ পৃথক কিবা এটা । বৰষা...... এখোজ মাথো বাহিৰত থোৱা...টোপাল টোপাল বৰষুণে তোমাক তিয়াই পেলাব । আকাংখাৰ টোপোলাতো আকাশৰ বিশালতাক সঁপি দিয়া, তুমি পৰিপূৰ্ণ হৈ পৰিবা । পৃথিৱীৰ সকলো মানুহেই তো বঞ্চনা নকৰে হাতে ঢুকি পোৱা দূৰত্বৰ কোনোবা এজনক তোমাৰ দুখত নীলকন্ঠী হবলৈ দিয়া....চাবা তোমাৰ বাবেই, কেৱল তোমাৰ বাবেই সেইদিনা আকাশে নীলা চাদৰ আৰি মেঘৰ সৈতে লুকাভাকু খেলিব ।

ইতি
মাধুৰীমা
২২.৩.২০১২     

No comments:

Post a Comment