Wednesday, 2 May 2012

বন্ধুবোৰ


    বন্ধুবোৰ
বন্ধুবোৰ নদীৰ খহনীয়াৰ দৰে
হঠাতে মিলি যাব পাৰে ভটীয়নি সোঁতত
কোনো খবৰ নিদিয়াকৈ
এৰি যাব মাথো অলপ খালি ঠাই
আমাৰ হাঁহি অথবা সুখৰ উৎসবোৰ
আপোনত্বৰ লগতে নষ্ট কৰি ।
প্ৰিয় বন্ধু......     
তুমি মোৰ আপোন হবলৈ যিমান সময় লৈছিলা
তাতোতকৈ বহু কম সময় ললা
মোক তোমাৰ অপ্ৰিয় কৰিবলৈ ।
খৰ খোজেৰে আঁতৰি গলা
এবাৰো উভতিও নাচালা
কোনো কাৰণ নেদেখালা
এৰা কোনো কাৰণো নেদেখালা
মই এতিয়া কিয় তোমাৰ বন্ধু হ'ব নোৱাৰোঁ .....

No comments:

Post a Comment