Wednesday, 2 May 2012

সন্ত্ৰাস বাদ


সন্ত্ৰাস বাদক আমি কিমান দূৰ সমৰ্থন কৰো....অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া আদি প্ৰতিজন আলফা নেতাৰ গ্ৰেপ্তাৰৰ দিনা অসমত এক নাম হীন ধুমুহাৰ সৃষ্টি হৈছিল । হয়তো আমি আজিও নিজে নজনা কৈয়ে তেওঁলোকক সমৰ্থন কৰিছিলোঁহয়তো উগ্ৰবাদক আজিও আমাৰ মনে প্ৰশয় দিয়ে । ছাদ্দাম হুছেইনক ফাঁচী দিয়া দিনা কেনে লাগিছিল....তেওঁ আনৰ বাবে যিয়ে নহওক কিয় আমাৰ বাবে প্ৰকৃত অৰ্থত এজন নেতা আছিল যি আমেৰিকাৰ বশ্যতা স্বীকাৰ নকৰিলে মৃত্যু পৰ্যন্তআৰু আমাৰ স্বাধীনতাৰ যুঁজাৰু সকল....হাজাৰ হাজাৰ অসমীয়াক স্বাধীনতাৰ সপোন দেখুৱাই অৰ্থনৈতিক ভাবে ,ৰাজনৈতিক ভাবে শক্তিশালী হৈ পৰিল ।
নেহেৰুৰ দৰে ৰাজনীতিৰ আমাৰ কোনো প্ৰয়োজন নাই । তেনেকুৱা ৰাজনীতিয়ে স্বাধীনতাৰ পাছৰে পৰা অসমক অধঃপতনলৈ নি আছে । আৰু আমাৰ স্বাধীনতাৰ যুঁজাৰু সকল....অত বছৰ যুঁজি আছে, স্বাধীনতাৰ নামত কত পৰিয়ালে তেওঁলোকৰ আপোনজনক হেৰুৱালে তথাপি আজিলৈকে অসমৰ এ গজ মাটিও তেওঁলোকে স্বাধীন কৰিব নোৱাৰিলে । অসমৰ পৰা এজনো বিদেশী বহিষ্কাৰ কৰিব নোৱাৰিলে । স্বাধীনতাৰ যুঁজাৰুৰ পৰা সন্ত্ৰাসবাদী লৈকে এই দীঘলীয়া যুঁজ কৰাৰ পাছত তেওঁলোকৰ সৰহ ভাগেই এতিয়া আমাৰ সেই পৰাধীন সমাজৰেই একো জন বৰমূৰীয়া । যাৰ সন্তানে ইংৰাজী মাধ্যমত পঢ়া শুনা কৰে !!!
তথাপি সন্ত্ৰাস বাদক আমি সমৰ্থন কৰো । কিন্তু এই সন্ত্ৰাস বাদ আজি আমাৰ সংগঠনবোৰে বাহিৰে ভিতৰে কঢ়িয়াই লৈ ফুৰা সন্ত্ৰাস বাদ নহয় । যি তেজেৰে ধোৱাব খুজে আমাৰ চিনাকি চোঁতালযি সংগঠনৰ নামত, নেতা হোৱাৰ অধিকাৰত ভদ্ৰতাৰ মুখা পিন্ধি ভিতৰি ভিতৰি  উপদ্ৰৱ চলাব, শোষণ কৰিব পাৰে আমাক । এইয়া সেই সন্ত্ৰাসবাদ যাক দেখি আজি অত দিনে অসমৰ এটাও সন্ত্ৰাসবাদী, অ-সন্ত্ৰাসবাদী সংগঠনে কৰিব নোখোজা , নিজৰ লাভা লাভৰ বাবে গোটাই ৰখা অসমৰ বিপৰ্যয় বোৰ নষ্ট হৈ যাব । আমি তেনে এক সন্ত্ৰাস বাদী সংগঠনৰ সপোন সদায়ে দেখিম ।

No comments:

Post a Comment