Wednesday, 2 May 2012

চিৰিয়েল


তেতিয়া দিনত বোলে টিভি অত তত দুই এঘৰত হে আছিল । আইতা আৰু পেটুলুকাৰ খেচখেচনীত ৰ'ব নোৱাৰি দৌতিয়েও মাটি এপুৰা বন্ধকত থৈ টি ভি এটা আনি দিলে । বিদ্যাবা আৰু ৰুমিবায়ে প্ৰায়ে তাতে টিভি চায় গৈ । মাজে মাজে ময়ুৰীবা আৰু মনজুৰীবৌকো টানি আঁজুৰি লৈ যায় বোলে । তেওঁলোক দুগৰাকী আক অময়াবৌৰ লগত লগ লাগি অকল হেতালি খেলিবলৈ হে ভাল পায় । তাকো বাৰীৰ পাচফালে থকা আঁহতজোপাৰ তলত !! তাৰ পৰা হ'লে দূৰৈত থকা স্কুলৰ ফিল্ডখন ভালকৈ য়ে দেখা পাই !!! মাজে মাজে লেখাবায়ো আঁহতৰ তলত নিজে মাটিৰে সাজি লোৱা কেমেৰাটো লৈ হাজিৰ হয় হি....খিক খিক শব্দৰ বাহিৰে পিছে একো নেদেখি দেই....
বাৰু যিকিনহওক .....পেটুলুকা, বিদ্যাবা আৰু ৰুমিবাইৰ মুৰত ভালকৈ টিভিৰ পোকতো সোমাল । ৰাতি ৰাতি ছিৰিয়েল চাবলৈও লাগিল । আইতাৰ তামাম খঙ । পিছে জীয়েক পেটুৰ আগত একো মাত মাতিব নোৱাৰে । সেইদিনা পেটুলুকা কৰবাত বিয়া খাবলৈ গ'ল ( তাই বিয়া বুলিলে নামাতিলেও যাং যেন কৰে ) । আৰু সেইদিনাই ছিৰিয়েল এখনত ভাল কিবা এটা ওলাব ......আচল খলনায়কজন কোন চবেই গম পাব । পেটু নাই বাবে বিদ্যাবা আৰু ৰুমিবাইৰ মাথা গৰম ....আইতাক কেনেকৈ পতাব......পাছত যেনেকে তেনেকে বুধি এটা উলিয়াই দুইগৰাকী আইতাৰ ঘৰত সময়ত হাজিৰ হল আৰুচুৰুণী গুণ সমুহ লাহে লাহে গাত ধৰা দিয়া ৰুমিবায়ে মাত লগালে-আইতা অ আইতা...বোলো বৰ ডাঙৰ কথা এটা হল নহয়.....
বুঢী একেবাৰে উধাতু খাই আহিল....কি হল অ' ৰুমি....আমাৰ দাংকাচিজনী বিয়াৰ আচিলা লৈ কাৰোবালৈ পলাল নেকি....
-হেহ...নাই পলোৱা...তই টিভিটো লগাচোন..তাৰ পাছত কম ।
-আজি টিভিটোক জিৰণি দিছোঁ-আইতাই মুখ বেকা কৰি ক'লে ।
-নহয় অ' আইতা....কথা তাতেই.... শিৱসাগৰ পুখুৰীটোত বোলে জুই লাগিল , অলপ পাছত দেখুৱাব....
আইতাৰ মুখ মেল খাই গ'ল...লগে লগে টিভি লগাই দিলে । তামোল পানৰ বটাতো কাষ চপাই লৈ মাটিতে বহি ল'লে । ইফালে দুই বীৰাংগনাই নিজৰ ছিৰিয়েলত মন দিলে ।
-হয়নে বিদ্যাবা কেতিয়া জুই লাগিল হয়....তহঁতক কোনে ক'লে...ইচ ৰাম..ব' দুখ লাগিল দেই ...... কেতিয়া দেখুৱাব অ'....সেইজনীয়ে পুখুৰীটোৰ কথা কৈছে নেকি অ'...
আইতাই চকু পানী মচি মচি সিহঁতক সুধি থাকিল । বিদ্যাবা আৰু ৰুমিবায়ে ৰ' অলপ পাছতে দেখাব বুলি কৈ  থাকিল । আইতাৰ চাৰিখন তামোল শেষ হ'ল....বিদ্যাবা আৰু ৰুমিবাইৰ ছিৰিয়েলে শেষ হ'ল ।
-বুজিছ আইতা...আজি নেদেখুৱাই বোলে...কালিলৈ ৰাতিপুৱাই দেখাব । আমি যাং দে........  

No comments:

Post a Comment