Wednesday, 2 May 2012

শিৱসাগৰ ছোৱালী কলেজ


হেই!! মোক চিনি নাই পোৱা ? মই তহঁতৰ মৰম ভালপোৱাৰে গঢ়া সংবেদনশীল বন্ধুত্ব নামৰ সমন্ধতোসেই যে শিৱসাগৰ ছোৱালী কলেজৰ অন্তিম দিনটো, অটগ্ৰাফ, ফটো, ফোন নাম্বাৰ আৰু প্ৰতিশ্ৰুতিৰে মোক আবদ্ধ কৰি চিপ চিপিয়া বৰষুণ জাকৰ সৈতে এৰি আহিছিলি আমাৰ কলেজখনক, মই সেইদিনাই ক'ব খুজিছিলোঁ-শব্দ আৰু মিছা প্ৰতিশ্ৰুতিৰে কিয় মোক ভ্ৰমৰ মাজত ৰাখিব খুজিছ... কিয় আশা কৰিছা আমি আড্ডা মৰা সেই এঘাৰ নম্বৰ কৰিডৰটো একেই হৈ ৰ'ব বুলি ! জীৱনৰ জটিলতাই জানো আমাক ধৰি ৰাখিব একেদৰেই....
ক'ত আছ তহঁত... গুৱাহাটী, তিনিচুকীয়া, ডিব্ৰুগড়.....অসমৰ বাহিৰত নে ভাৰতৰ বাহিৰত....মই কিন্তু মাজে মাজে ঘুৰি যাওঁ । পাহৰিব খুজিও যে পাৰিব নোৱাৰিলোঁ তহঁতক , আমাৰ প্ৰিয় সময়খিনিক আমাৰ হাঁহিৰ খলখলনিত গাভৰু হব খুজা বৰপুখুৰীৰ পাৰটোত মই আজিকালি অকলেই বহোঁ গৈ । ৰি-প্লে কৰো জীৱনটোক.....আস !!! ক'ত যে হেৰাল ভাললগা ভালপোৱা দিনবোৰ....
বিজ্ঞাপন দিছোঁব্যস্ততাবোৰ আঁতৰাই অলপ সময়ৰ বাবে হলেও আহ..বৰপুখুৰীৰ পাৰলৈ । প্ৰমাণ কৰি দে জীৱনটোক অৰ্থপূৰ্ণ কৰিবলৈ আজিও প্ৰয়োজন হয় মোক । আৰু....মই...মই বন্ধুত্বই বাৰু বাট চাম বন্ধুলৈ... 

No comments:

Post a Comment