Wednesday, 2 May 2012

অৰুন্ধতী


২০০৯ চনৰ জুলাই মাহত এই চিঠিখন মোৰ বান্ধৱী এজনীলৈ লিখিছিলোঁতাইক দিয়া নহমনৰ এক বিশৃংখল অৱস্থাত লিখা এই চিঠিখন আজিও মোৰ ডায়েৰি মাজত একেদৰেই পৰি আছে ।

মুন         
 অৰুন্ধতীত মণিকুন্তলা ভট্ৰাচাৰ্যই লিখিছিল চব পোৱাৰ পিছতো কোনবোৰ নাৰীয়ে কান্দে ...আৰু কিয় !! সুদীৰ্ঘ দিন ধৰি মই এই প্ৰশ্নটোৰ অন্বেষণত আছো অথচ আজিলৈকে কোনো উত্তৰ পোৱা নাই । যোৱা কালি এই কিতাপখন পঢ়াৰ পাছত মোৰ ভাৱনাবোৰ আকৌ জোঁট-পোট খাই পৰিল । মইতো অৰুন্ধতী হ'ব খুজা নাছিলোঁ , মই অনুৰাধা হোৱাৰ সপোন দেখিছিলোঁযাৰ ভালপোৱাই সমুখৰ জনক কেৱল অনুভৱী হবলৈ নিশিকায় তেওঁৰ ভালপোৱাখিনিক সততাৰে আকোৱালিও লৱ পাৰে । মই কিয় অৰুন্ধতী হৈ পৰিলোঁ ? কিয় এটা সত্তাৰ মাজত অহৰ্নিশে আন এটা সত্তাৰ উপস্থিতি কামনা কৰো ? কিয় নিবিড় মুহূৰ্ত বোৰতো মই অনুভৱ কৰো এক শূন্যতা,  যি শূন্যতাৰ ৰহস্য মই আজিও নাজানোঁ !
যোৱা কালি ই মোক কৈছিল, মই কাষত থকা হলে তোৰ সকলোবোৰ চিজিল হৈ গলহেঁতেনভালপোৱাৰ আশ্ৰয়ৰে মোক চিজিল কৰিব খুজা মানুহটোক সৰ্ব্বোচ্চ উজাৰি ভাল পাব নোৱাৰি যে মই চটফটাই থাকো সেয়া তুমি বিশ্বাস কৰিবা নে.....বিশ্বাস কৰিবা নে কোনোবা এদিন আন কাৰোবাৰ ভালপোৱাখিনি গ্ৰহণ কৰিব নোৱাৰিও মই একেদৰেই চটফটাই আছিলোঁ.....কিয় এনে হয় ? কিয় সকলোতে মই এটা ফাঁক ৰাখি যাওঁ ? কিয় কাৰো কাষতে মই নিজকে সম্পূৰ্ণ ভাবে উদঙাই দিব নোৱাৰোঁ ? কিয় ইমানবোৰ আপোন থকাৰ পাছতো মোক কান্দিবলৈ এটা গাৰুৰ প্ৰয়োজন হয় ? কিয় মৃত্যুৰ প্ৰতি আজিও এক তীব্ৰ আকৰ্ষণ আছে ? না একো প্ৰশ্নৰে উত্তৰ নাই । মই এনে এজনী ছোৱালী যি পূৰ্ণতাৰ প্ৰাচুৰ্য মাজতো নিজৰ সপোনবোৰৰ মাজত নিজৰ অস্তিত্ব বিচাৰি নাপাওঁ ! মইও সেই নাৰীৰ মাজৰে এগৰাকী যি সকলো  থাকিও কান্দো....অথচ নাজানোঁ সেই কান্দোনৰ কাৰণ । কোৱা এনে স্বাৰ্থপৰ মানুহৰ বাবে উপযুক্ত শাস্তি কি হ'ব পাৰে ??
জানো তুমি কবা এইবোৰ তোৰ পাগলামী । পাগলামীয়েই হওঁক , তথাপি মই জানিব খুজোঁ আচলতে আমি কি বিচাৰো !! শুনাচোন, তুমিও নিজকে এবাৰ সুধি চাবাচোন তুমি কি বিচৰা ....কি পালে তুমি পাহৰি যাব পাৰা নিজকো....চাবা, তুমিও থতমত খাই যাবা
আচলতে আমি আমি হিচাপেই থাকি যাব লাগিছিল । সপোন দেখিব নালাগিছিল আন কাৰোবাৰ দৰে হোৱাৰ । বিচাৰিব নালাগিছিল নিজৰ অজানিতে আমাৰ প্ৰিয় চৰিত্ৰবোৰক । বহুত ভুল কৰিলোঁ, এতিয়া যে উভতিও যাব নোৱাৰোঁ
বহু সময়ত ভাবো কি দৰকাৰ ইমান সংবেদনশীল হোৱাৰ...মই মোৰ মা-দেতাৰ মাইনাজনী হৈয়ে সুখী হ'ব পাৰিলোঁহেঁতেনকি দৰকাৰ আছিল আকাশৰ নীলা খিনিক লৈ টোপনি যোৱাৰ.....কোনোতো দৰকাৰ নাছিল । এতিয়া নাজানোঁ শব্দৰ মাজতেই আৱদ্ধ হৈ পৰিলোঁ

ইতি
মাধুৰীমা

No comments:

Post a Comment