Tuesday, 8 May 2012

ডকাইতৰ সৈতে অলপ সময়...




কিছুমান কথা ভাবিলে আজিও কিবা কিবা সাঁথৰ সাঁথৰ লাগে । মই ভগৱানক বিশ্বাস নকৰো...কিন্তু কেতিয়াবা কিছুমান কথাই মোৰ ভাবত খেলি মেলি লগাই দিয়ে । ২০০৭ চনৰ বাৰিষাৰ সময়ত । বৰষুণে মই থকা চহৰখন সদায় বুৰাই পেলাইছিল । সঁচা কথা কবলৈ গলে বাৰিষাত গাওঁত থাকিবলৈ ভাল, চহৰত নহয় । মই যিটো ঘৰত আছিলোঁ সেই ঘৰটোৰ তলৰ পাৰ্টৰ গোটেই কেইটা ৰুম সেইবাৰ বৰষুণৰ পানীয়ে বুৰাই পেলালে । মালিকনীও কাম কৰা ছোৱালীজনীৰ সৈতে তলৰ ৰুমতে আছিল । তেওঁ মোক প্ৰস্তাৱ দিলে  অলপ দিন খালি থকা প্ৰথম মহলাত একেলগে থাকিবলৈ । তলৰ পাৰ্টতো তেওঁ বোলে ওখ কৰি দিব । বচ কথা মতেই কাম । মই মোৰ বস্তু বাহিনীৰ সৈতে তেওঁলোকৰ সৈতে ওপৰৰ মহলালৈ গুছি গলো । মালিকনীৰ সংসাৰত কেৱল কাম কৰা লৰা ছোৱালী হাল আছিল । আৰু মোৰ সংসাৰত কুকুৰ এজনীৰ সৈতে সেই বাৰিষাতে উদ্ধাৰ কৰা মোৰ নেউল হাল আছিল । গতিকে বিশেষ একো অসুবিধা নহ ।  ঘৰৰ কাম চলি আছে । তেনেতে এদিন লক্ষ্য কৰিলো যে মোৰ মাইকী নেউল জনী যাক মই সৰু বাবা বুলি নাম দিছিলোঁ তাই নাই । মোৰ মুৰ গৰম হৈ গল । ড্ৰপাৰে গাখীৰ খুৱাই খুৱাই ডাঙৰ কৰা পোৱালী কেইটালৈ মোৰ যিমানহে মৰম আনে কি বুজিব । গোটেই খনতে বিচাৰিলোঁ নাপালোঁশেষত কাম কৰা ছোৱালীজনীয়ে ক'লে যে তাই বোলে সৰু বাবাক কাম কৰা লৰাটোৰ পাছে পাছে ঘুৰি ফুৰা দেখিছিল । মই তাক সুধাত সি ভালকৈ একো কৱ নোৱাৰিলে । বুজিলোঁ সিয়ে তাইক কিবা কৰিলে .....মুখত যিমান গালি আহে সিমান গালিৰে তাক থকা সৰকা কৰিলোঁ দমো দিলোঁৰাতি মালিকনীয়ে তাক অলপ বকিলে । সৰু বাবাক হলে নাপালোঁ দুদিন মানৰ পাছত আৰু কিবা কিবি কাণ্ড কৰাৰ বাবে মালিকনীয়ে কাম কৰা লৰাটোক ঘৰৰ পৰা পঠাই দিলে । গ'ল কথা গুচিল । ঘৰৰ কামো প্ৰায় শেষ হওঁ হওঁ ।
সিদিনা ৰাতি মোৰ ভোক লগা নাছিল । মেগি অলপ খায়ে শুবলৈ বুলি আহিলো । (এই খিনিতে এটা কথা কৈ থওঁ যে কাম কৰা লৰাটো যোৱাৰ পাছৰে পৰা আমি তিনিওজনী ওপৰৰ মহলাৰ এটা ৰুমত একেলগে পকাতে শুবলৈ আৰম্ভ কৰিলোঁযিটো ৰুমত আমি শুও সেই ৰুমটোৰ এফালে ডাঙৰ ডাঙৰ খিৰিকি । তাতে গ্ৰিল লগোৱা নাই ।  মোৰ নিচিনা চাপৰ মানুহ থিয় হৈ সৰকি যাব পাৰে । ) সেইদিনা মালিকনী আৰু কাম কৰা ছোৱালীজনীয়ে মোক সিহঁতৰ লগতে জোৰকৈ খাবলৈ কোৱাত অলপ মান ভাত খালো । তাৰ পাছত পেটতো অলপ গহীন গহীন লাগি আছিল বাবে পাকঘৰত গৈ নেমু এটা কাটি ৰস অলপ মান খাই দিলোঁখাই বৈ চাৰে দহ মান বজাত আমি আজৰি হলো । ওপৰে তলে প্ৰতিখন গেটত তলা মাৰি মালিকনীও শুবলৈ আহিল । সাধাৰণতে আমি ৰাতি বাৰ মান বজালৈকে টিভি চাই লেকচাৰ মাৰো, পিছে সেইদিনা দুইজনীকে মৰ টোপনিয়ে হেঁচা মাৰি ধৰিলে । এলজোলাম খাইও কমকে টোপনি ধৰা মালিকনী সিদিনা শুৱাৰ লগে লগে টোপনি গলেই । সেইসময়ত মোৰো টোপনি একেবাৰে কম আছিলকিন্তু সেইদিনা কি হল নাজানোঁ টিভি অফ কৰি মইও শুবলৈ ললোআমি শুৱাৰ লগে লগে কাম কৰা ছোৱালীজনী আকৌ এবাৰ পাকঘৰলৈ বুলি গল । তোৰ নো আকৌ পাকঘৰত কি কাম ওলাল বুলি সোধাত তাই কাপ এটা থবলৈ যাওঁ বুলি কলে । ওপৰৰ মহলাৰ সেই পাকঘৰটোত বাহিৰলৈ ওলাব পৰাকৈ এখন দুৱাৰ আছে , গতিকে শুৱাৰ আগত মালিকনীয়ে সেইফালৰ দুৱাৰ কেইখনো নিজে বন্ধ কৰি আহিছিল । পাকঘৰৰ পৰা আমি থকা ৰুমটো পাবলৈ আৰু দুখন দুৱাৰ আছে । মোৰ মনত আছে চিলমিল টোপনিতো মই ছোৱালী জনীক সুধিছিলোঁ...মই যে তই দুৱাৰ বন্ধ কৰা নুশুনিলোঁ....তাই কি কলে সেইটোহে হলে মই গম নাপালোঁ
ৰাতি ঠিক ১.১৫ হৈছে । মই হঠাতে সাৰ পাই গলো । মই এনেকৈ চকু মেলিলোঁ যেন মই শুৱাই নাছিলোঁযেন এক মিনিট মানৰ কাৰণে অলপ আগত মই কিবা এটা ভাবিহে চকু দুটা মুদি আছিলোঁটোপনিৰ আবেশ অকণো নাছিল । সম্পূৰ্ণ সক্ৰিয় মগজুৰে মই চকু মেলিয়ে আন্ধাৰত দেখিলো হাতত খোলা চুৰি এখন লৈ মালিকনীৰ আৰু মোৰ মাজেৰে কোনোবা এটা খুপি খুপি মালিকনীৰ শিতানৰ মুৰৰ ফালে গৈ আছে । অলপো পলম নকৰি মই বিৰাট জোৰেৰে চিঞৰ এটা মাৰি বিপৰীত ফালে পিছুৱাই দিলোঁকাৰণ মানুহটো লগে লগে মোৰ ফালে ঘুৰি চাইছিল । মই চিঞৰাৰ লগে লগে মালিকনীও বহি লৈ চিঞৰ মাৰি দিলে । লৰাটোৱে থতমত খাই বাহিৰলৈ দৌৰ দিলে । লগে লগে মালিকনীয়ে সেইফালৰ দুৱাৰ খন বন্ধ কৰি দিলে আৰু মই খিৰিকীবোৰতাৰ পাছত মই কাষৰ ৰুমটোলৈ গৈ গল্ফ খেলা ষ্টীক দুডাল উলিয়াই আনিলোঁমালিকনীয়েও কাষতে থকা গডৰেজটো খুলি লডেড ৰিভলভাৰ এটা উলিয়াই মোৰ হাতত দিলে । তাৰ পাছত তেও আৰু এটা দীঘল বন্দুক উলিয়াই আনি গুলি খজাত লাগিল । এইখিনি কৰোতে আমাৰ খুব সম্ভৱ দুইমিনিট মান সময় লাগিছিল । কাম কৰা ছোৱালী জনী তেতিয়ালৈকে শুই আছিল । তাইক দুগোৰ মাৰি উঠাব লগা হ'ল ....কাৰণ তললৈ মুৰ কৰিবলৈ আমাৰ সময় নাই । কৱ নোৱাৰিতো কোনখন খিৰিকীৰে কেতিয়া কোন সোমাই আহে । তাইক গল্ফৰ ষ্টীক এডাল লবলৈ কৈ মালিকনী আৰু মই বাহিৰৰ ফালে থকা খিৰিকীৰ দুখনৰ কাষত থিয় হলো হি । আমি কামবোৰ এনেকৈ কৰিছিলোঁ যেন ডকাইতৰ বাবে আমি আখৰা কৰি সাজু হৈ হে আছিলোঁঘৰটোৰ চাৰিও ফালে এন্ধাৰ হৈ আছিল । ডকাইত গালে কাৰেণ্ট কাটি দিছিল । ইনভাটাৰৰ কৃপাত আমি থকা ৰুমৰ কাৰেণ্ট আছিল । মালকনীয়ে মোক কলে -মাধুৰীমা তুমি সেই গালক গালি দিয়া চোন । হে ভগৱান কি যে কয় এই বুঢীজনীয়ে.....ডকাইতক বাৰু কোনোবাই উভতি ধৰে নে । তথাপি শ্বোলেৰ গব্বৰ সিংৰ ষ্টাইলত খিৰিকী এখন উঠি দুটামান টেটুফলা চিঞৰ মাৰিলোঁ-কত লুকাই আছ ঐঐঐঐ......ওলাই আহ । পাছলৈ পিছে মাতষাৰ কঁপি ওলাল । তাকে দেখি মালিকনীয়ে চহৰীয়া গালি  দুটামান পাৰি ৰিভলভাৰ টো লৈ চাৰি জাই গুলি যেনিয়ে তেনিয়ে চলাই দিলে । তাৰ পাছত পুলিচলৈ ফোন কৰিলে । সম্পূৰ্ণ ১৫ মিনিটৰ পাছত পুলিছ আহিল । তেতিয়াহে আমি বাহিৰলৈ ওলালোঁদেখিলো পাকঘৰৰ ফালে থকা দুৱাৰখন দুফাল কৈ খোলা আছে !!!
পিছদিনা মই মোৰ জাছুছ গিৰি আৰম্ভ কৰি দিলোঁ প্ৰথমেই এখন দা পালো । দাখন একদম নতুন....আমাক পোৱা হলে এঘাপ মৰা হলেই ইপুৰী পালোগৈহেতেন । এঠাইত বিড়ি এমুঠা পালো । মানে ৰাইজে আমি শুৱালৈকে অপেক্ষা কৰি কৰি বহুত বিড়ি খালে । ৬ জোৰ চেন্দেল অত তত পৰি আছিল লগতে চাৰ্ট দুটা আৰু হাফ পেণ্ট দুটা । বেচেৰা হতে গুলিৰ আৱাজ শুনি পলাবলৈ হুচ হেৰাল মানে । পেণ্ট এটাৰ জেপত দুটা ফোন নম্বৰ আৰু টকা ১৭০ টকা পালো । পাছত টকা কেইটাই সেইদিনা মাংস খালো ।
এতিয়া কথা হল যে আমাৰ চিঞৰ শুনি লৰাটো কিয় চক খাই পলাল । তাৰ অৰ্থ হল সি আমি টোপনিত আছো বুলি নিশ্চিত হৈ আছিল ! আৰু আচৰিত কথা সিদিনা আমাৰ এটা কুকুৰেও সাৰ নাপালে । তাৰ মানে আমাৰ খোৱা আহাৰত কিবা মিলোৱা হৈছিল ! কিন্তু বছৰ বছৰ জুৰি এলজোলাম খাই থকা মালিকনীক সেই ঔষধে বেছি দেৰি শুৱাব নোৱাৰিলে । আৰু যিটো লৰা ভিতৰলৈ আহিছিল সি ভালকৈ জানিছিল যে সেই ঘৰত সোমাবলৈ হলে প্ৰথমে বন্দুক থকা গজৰেজটোৰ চাবি দুটা সৰকাব লাগিব আৰু সেই চাবি দুটা মালিকনিয়ে সদায় নিজৰ গাৰুৰ তলত ৰাখে । সকলোতকৈ আচৰিত কথাটো হল এই চাবি ৰখা কথাতো কাম কৰা লৰা ছোৱালীহালৰ বাহিৰে শেহতীয়াকৈ মই হে কেৱল জানিছিলোঁএন্ধাৰৰ মাজতো মই সেই লৰাটোক কিন্তু চিনি পাইছিলোঁ সেই কথা পাছত পুলিছক কৈছিলোঁ
আৰু মই...মই কিয় ঠিক সেইখিনি সময়তে ইমান অদ্ভুত ভাবে সাৰ পালো ! মই সাৰ পোৱা দুইমিনিট সময়ো যদি পলম হলহেঁতেন কিমান ডাঙৰ দুৰ্ঘটনা এটা ঘটি গল হেতেন । মাজে মাজে ভাবো হয়তো সিদিনা মই ভাত কমকৈ খালো কাৰণে সাৰ পাই গলো । হয়তো মোৰ টোপনি কম বাবে । হয়তো মোৰো এবছৰৰ আগত ডাক্তৰৰ পৰামৰ্শত একেলেথাৰিয়ে টোপনি অহা  ঔষধ খোৱাৰ অভ্যাস থকাৰ বাবে .......পিছে সকলোবোৰ কাৰণেই জঁই পৰি যায় অন্য এটা কাৰণৰ কাষত-সিদিনা মোক কোনোবাই তুলি দিছিল । নাজানোঁ কোনে তুলিছিল....কিন্তু কোনোবাই তুলিছিল সেয়া মোৰ মনত আছে !!!
সেই ঘটনাটো হৈ যোৱাৰ পাছত বহুদিনলৈকে মই ৰাতি শুব পৰা নাছিলোঁচকু মুদিলেই মুখৰ আগত চুৰি লৈ কাৰোবাক থিয় হৈ থকা দেখিছিলোঁ আৰু সেই অদৃশ্য জন....তেওঁক মই ভগৱান বুলি কৱ নোখোজোঁ ....কিন্তু ইয়াৰ পাছতো তেওঁ মোক কেইবাৰো ৰক্ষা কৰিছে বৰ অদ্ভুত ভাবেই !!!!!!!!


3 comments:

  1. সুন্দৰ, ভাল লাগিল পঢ়ি যেন এখন চিনেমা চাই আছো...

    ReplyDelete
  2. হাঃ হাঃ.. হৈ যায় কেতিয়াবা কেতিয়াবা এনেকুৱা। কথাবিলাক আপেক্ষিক। যেনে ধৰক, এই ঘটনাটোত আটাইতকৈ দৰকাৰী কথাটো আছিল আপুনি সাৰ পোৱাটো। যদি আপুনি সময়ত সাৰ নাপালেহেঁতেন, কথাবিলাকৰ পৰিণতি বেয়া হ'ল হয়। আপুনি ঠিক সময়ত সাৰ পোৱাটোৱেই হৈছে গোটেই ঘটনাটোৰ আটাইতকৈ ভাল কথা আৰু সেয়ে আপুনি সেইটোৰ বিষয়ে বেছিকৈ ভাবিছে। কিন্তু যদি এনেকুৱা হ'ল হয় যে আপুনি সাৰ পাইছে আৰু লগে লগে খোলা খিৰিকীখনেদি ক'ৰবাৰ পৰা সোনৰ মুদ্ৰা এটা আপোনাৰ ঠিক মুখৰ আগতে আহি পৰিছে, আপুনি তেতিয়া হয়তো সোনৰ মুদ্ৰাটো ক'ৰপৰা আহিল সেইটোৰ বিষয়ে বেছিকৈ ভাবিলে হয়, কাৰন সেইটো হৈছে সেই ঘটনাটোৰ আটাইতকৈ ভাল কথা। আমাৰ সকলোৰে অলক্ষিতে বিশ্ব খন চাই থকা কিবা এটা শক্তি নিশ্চয় আছে। এনে ধৰনৰ সৰু সৰু কাকতালীয় সংযোগ বিলাকেও তাকে প্ৰমান কৰে চাগৈ।

    ধুনীয়াকৈ লিখিছে কথাখিনি।

    ReplyDelete
  3. আপুনিও খুব ধুনীয়াকৈ বিশ্লেষণ কৰিলে । ধন্যবাদ ডাঙৰীয়া ।

    ReplyDelete