Wednesday, 2 May 2012

মোক তুমি সুধিব পাৰা


       
মোক তুমি সুধিব পাৰা ধুমুহাত নাচি থকা বাহটোত বহি থকা টোকোৰা চৰাইজনীৰ ভেমটোৰ কথা । চিল-চিলিয়া  পানীত সমদল উলিওৱা ডনিকনা মাছবোৰৰ কথা । অথবা ভৰ দুপৰীয়া মোচোৰা সাপৰ ব্যস্ততাক দেও দি বেতঁনিত বেতঁ গুটি বিচৰা কথা । মোৰ অস্তিত্বৰ আৰম্ভণিয়ে যে সেইয়া । সপোনৰ জোখ-মাখ পৃথক হ'ল বুলিয়ে জানো পাহৰিব পাৰি নিজৰ ভেটিতো....    

No comments:

Post a Comment