Wednesday, 2 May 2012

মই মাধুৰীমা


মই মাধুৰীমা
ধূসৰিত অতীতৰ এটি মিঠা সপোন
মোৰ মা দেউতাৰ বাবে ।
মই মাধুৰীমা  
পোৱা নোপোৱা অনুৰণৰ জীৱন্ত সাক্ষৰ
উপেক্ষিত হৈছোঁ যে বহু বাৰ ।
শাওণৰ বানে ধুই নিয়া কৃষকৰ আদৰৰ পথাৰখন মই
বান নাহিলেই যে ভৰাই পেলাম আঘোণৰ প্ৰতিতো ভঁৰাল
মোক চাবলৈ জুমা জুমি নকৰিলেও হব
মই এখন খোলা কিতাপ
পঢ়িব জানিলেই বিচাৰি পাবা 

No comments:

Post a Comment